ভুইকপেও সলাব নোৱাৰা কথাবোৰ
কথাবোৰ একেই আছে । এৰা, ভুইকপেও সলাব নোৱাৰা কথাবোৰ একেই আছে ।
বৌটিৰ আয়ুস দীঘল ।
পঞ্চাশৰ ভুইকপ পোৱা মানুহ ।
বৌটিয়ে বোলে সেইদিনা ভাত ৰান্ধি আছিল ,
পিথবিখনে ঘট মটাই উঠাত চৰুত পানী ধালি, বাহিৰলৈ লৰ দিছিল ।
তাৰ পাছত কেইবাদিনো পৰ দিয়াৰ কাৰবাৰ ।
মতাই-মাইকীয়ে, লৰাই-লুৰীয়ে ফুট গধূলিতে ভাত খায় ।
মতাবোৰে পৰ দিয়ে,
মাইকীবোৰে লৰা-ছোৱালীমখা বুকুত সামৰি,
বসুমতীক ধিয়াই ক্ষণ গণে ।
বৌটিয়ে কোৱা কথা ।
সিদিনাও ভূমিকম্প আহিছিল ।
মানুহবোৰে ধহমহাই উঠিছিল ।
তাৰ পাছত কেইবাদিনো একেই পৰ দিয়াৰ কাৰবাৰ ।
বৌটিয়ে কলে,
কথাবোৰ দেখোন একেই আছে ।
পঞ্চাশটো ভাত ৰান্ধি আছিলো,
আজিও ৰান্ধি আছো ।
তেতিয়া মানুহটোলৈ
আৰু এতিয়া লৰাটোলৈ ।
কাইলৈ চাগে নাতিলৈ ।
কথাবোৰ একেই আছে ।
এৰা,
ভুইকপেও সলাব নোৱাৰা কথাবোৰ
একেই আছে ।