· By Rituparna Neog

ভুইকপেও সলাব নোৱাৰা কথাবোৰ

ভুইকপেও সলাব নোৱাৰা কথাবোৰ

কথাবোৰ একেই আছে ।  এৰা, ভুইকপেও সলাব নোৱাৰা কথাবোৰ একেই আছে ।

বৌটিৰ আয়ুস দীঘল

পঞ্চাশৰ ভুইকপ পোৱা মানুহ  

বৌটিয়ে বোলে সেইদিনা ভাত ৰান্ধি আছিল ,

পিথবিখনে ঘট মটাই উঠাত চৰুত পানী ধালিবাহিৰলৈ লৰ দিছিল   

তাৰ পাছত কেইবাদিনো পৰ দিয়াৰ কাৰবাৰ  

মতাই-মাইকীয়ে, লৰাই-লুৰীয়ে ফুট গধূলিতে ভাত খায় ।‌

মতাবোৰে পৰ দিয়ে

মাইকীবোৰে লৰা-ছোৱালীমখা বুকুত সামৰি,

বসুমতীক ধিয়াই ক্ষণ গণে  

বৌটিয়ে কোৱা কথা  

সিদিনাও ভূমিকম্প আহিছিল

মানুহবোৰে ধহমহাই উঠিছিল  

তাৰ পাছত কেইবাদিনো একেই পৰ দিয়াৰ কাৰবাৰ  

বৌটিয়ে কলে,

কথাবোৰ দেখোন একেই আছে  

পঞ্চাশটো ভাত ৰান্ধি আছিলো

আজিও ৰান্ধি আছো

তেতিয়া মানুহটোলৈ 

আৰু এতিয়া লৰাটোলৈ

কাইলৈ চাগে নাতিলৈ  

কথাবোৰ একেই আছে  

এৰা,

ভুইকপেও সলাব নোৱাৰা কথাবোৰ

একেই আছে